বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে।

তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামুলীয়া প্রশিক্ষণে স্থানীয় ছাত্র-ছাত্রীসকলক প্রতিযোগিতামূলক পৰীক্ষাত সফল হোৱা তথা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানত সেনা বাহিনীৰ ব্রিগেডিয়ৰ অনুপম শৰ্মা, তামুলপুৰ বাণিজ্য মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।