June 10, 2026 6:42 PM | ajanta neog

printer

আমিনগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত অজন্তা নেওগৰ পর্যালোচনা সভা অনুষ্ঠিত

কামৰূপ জিলাৰ আমিনগাঁৱত আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্রী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁওৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সম উন্নয়ন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। লগতে জিলাখনৰ সকলো উন্নয়নমূলক আঁচনি তথা জিলাখনৰ সকলো কাম-কাজ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সকলো বিষয়া-কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে, পর্যালোচনা সভাত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ দাসো উপস্থিত থাকে।