ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’বঃ মন্ত্ৰী অজন্তা নেওগ

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্রকাশ কৰিছে। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অঙ্গনবাড়ী কেন্দ্ৰৰ আন্তগাথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অঙ্গনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁৰ শিশুৰ প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাথনিৰে কেন্দ্ৰসমূহ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। আনহাতে বজালী জিলা সীমা নির্ধাৰণ আৰু জিলাখনৰ আৰক্ষী থানা তথা আৰক্ষী চকী বৰপেটালৈ স্থানান্তৰ সন্দৰ্ভত মন্ত্রী নেওগে বিষয়টো গৃহ বিভাগৰ বিবেচনাধীন বুলি প্ৰকাশ কৰে।

পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।