■ বিত্ত মন্ত্রী অজন্তা নেওগে আজি মানকাচৰত সম-জিলা উন্নয়নৰ সৈতে জড়িত বিষয় পর্যালোচনা কৰে। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়।
এই বৈঠকত শিশু কল্যাণ সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কেইবাগৰাকীও মন্ত্ৰীয়ে শেহতীয়াকৈ মানকাচৰ ভ্ৰমণ কৰিছে।
Assamese | August 24, 2025 6:13 PM | ajanta neog | Akashvani Guwahati
মানকাচৰত সম-জিলা উন্নয়নৰ সৈতে জড়িত বিষয়ত বিত্ত মন্ত্রী অজন্তা নেওগৰ পর্যালোচনা