নগাওঁ জিলাৰ ৫০৪ টা আদর্শ অঙ্গনবাড়ী কেন্দ্ৰৰ ২৭০ টাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ মন্ত্ৰী অজন্তা নেওগৰ

ৰাজ্য চৰকাৰে ৮২ কোটি টকাৰে অনুমোদন জনোৱা নগাওঁ জিলাৰ ৫০৪ টা আদর্শ অঙ্গনবাড়ী কেন্দ্ৰৰ ২৭০ টাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্রকাশ কৰিছে।

নগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে আজি এই বিষয়ে প্রকাশ কৰিছে।

তেওঁ কয় যে বাকী থকা অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ হ’ব। জিলাখনত বাল্য বিবাহ শূন্য কৰাৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।