ই-অফিচ ব্যৱস্থাই প্রশাসন ব্যৱস্থা অধীনত অসম চৰকাৰৰ  ১৫ আগষ্টৰ পৰা ২৭,৭৫০টা বিবেচনাধীন ফাইল নিষ্পত্তি

ফাইলৰ বোজা কম কৰি প্ৰতিটো কাম সময়মতে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা ই-অফিচ ব্যৱস্থাই প্রশাসন ব্যৱস্থাক অধিক গতিশীল, স্বচ্ছ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ কৰি তোলাৰ ক্ষেত্ৰত নতুন গতি প্রদান কৰিছে।

এই ব্যৱস্থাৰ অধীনত যোৱা ১৫ আগষ্টৰ পৰা ২৭,৭৫০ টা বিবেচনাধীন ফাইল নিষ্পত্তি কৰা হৈছে আৰু সচিবালয়ত ফাইলৰ সংখ্যা ১৭.৯ শতাংশলৈ হ্রাস পাইছে।

ই-ফাইল ব্যৱস্থাৰ ফলত কাম সম্পাদনৰ গতি আঠ হাজাৰ ৫৫ টা ফাইলৰ পৰা ১৪,৬৯৫ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে।

তেওঁ কয়, যে এই অভিযান কেৱল সচিবালয়তে সীমাবদ্ধ নাথাকে আৰু ভবিষ্যতে ইয়াক ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়সমূহলৈও সম্প্ৰচাৰিত কৰা হ’ব। চৰকাৰ প্ৰশাসনৰ প্ৰতিটো স্তৰতে ক্ষিপ্ৰতা আৰু দক্ষতা নিশ্চিত কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে।