যুদ্ধ স্মাৰকসমূহে দেশৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। ছিকিমৰ ছেৰথাং যুদ্ধ স্মাৰকত সৈনিকসকলক সম্বোধন কৰি শ্রী সিঙে আজি এইদৰে প্ৰকাশ কৰে।
অঞ্চলটোত নিয়োজিত সৈনিকসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাবলী উদযাপন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে সুৰক্ষা বাহিনীৰ অদম্য সাহসৰ বাবে সমগ্র দেশে শান্তিপূর্ণভাৱে এই উৎসৱ উদযাপন কৰিব পাৰিছে।
তেওঁ লগতে ছেৰথাং যুদ্ধস্মাৰকক দেশৰ হকে প্ৰাণাহুতি দিয়া ছহিদ আৰু যুদ্ধ নায়কসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰে। অনুষ্ঠানত স্থল সেনাবাহিনীৰ মুৰববী ধীৰাজ শেঠ আৰু সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।