উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ১৪ নৱেম্বৰত আৰম্ভ হ’ব

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ১৪ নৱেম্বৰত আৰম্ভ হ’ব। ৫ ডিচেম্বৰত এই প্ৰক্ৰিয়াৰ অন্ত পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দর্ভত ইতিমধ্যে অধিসূচনা জাৰি কৰিছে।

অধিসূচনাত ৪ লাখ টকাৰ বার্ষিক আয়ৰ পৰিয়ালৰ সন্তানৰ বাবে প্ৰ-পত্ৰ পূৰণ সম্পূর্ণ বিনামূলীয়া হ’ব বুলি উল্লেখ কৰা হৈছে।