ভাৰতবৰ্ষৰ সমান্তৰালকৈ বিশ্বৰ প্রান্তে প্রান্তে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা দীপাৱলী উদযাপনৰ দৃশ্য প্রকাশ পোৱাৰ লগে লগে এই উৎসৱৰ গোলকীয় জনপ্রিয়তা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।
পেৰিছৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই সাধুৰ বৰ্ণন আৰু কাগজৰ পুতলা নাচৰ সুন্দৰ সমন্বয়েৰে ৰামায়ণৰ কালজয়ী কাহিনী উপস্থাপন কৰি দীপাৱলী পালন কৰে।
বিশিষ্ট শিল্পী উষা ভেংকটৰমণে পৰিবেশন কৰা এই অনুষ্ঠানত তামিল, হিন্দী, মাৰাঠী, ইংৰাজী আৰু তেলেগু ভাষাত ব্যাখ্যা তথা গীত অন্তর্ভুক্ত কৰি ভাৰতৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্র্যক উপস্থাপনৰ লগতে অন্ধকাৰৰ ওপৰত পোহৰৰ তথা অসত্যৰ ওপৰত সত্যৰ বিজয়ৰ বাৰ্তা প্ৰচাৰ কৰা হয়। এই সাংস্কৃতিক কেন্দ্ৰটো ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ ICCR-ৰ অধীনত পৰিচালিত।
ইপিনে, বিশ্বৰ কেইবাগৰাকীও প্রধান নেতা আৰু ৰাজদূতে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন পাইছে।
সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ UAE-ৰ উপ-ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন ৰশিদ আল মাকতুমে সামাজিক মাধ্যমৰ জৰিয়তে সংযুক্ত আৰৱ আমিৰাতকে ধৰি বিশ্ববাসীলৈ দীপাৱলীৰ শুভেচ্ছা জনায়।
ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাজদূত জীন-এৰিক পেকেটে ভাৰতত উদযাপন কৰা তেওঁৰ প্ৰথম দীপাৱলীৰ অভিজ্ঞতা স্মৰণ কৰি সমগ্ৰ পৰিৱেশটো পোহৰেৰে উদ্ভাসিত হৈ পৰা বুলি প্রশংসা কৰে।
ন’ৰৱেৰ ৰাজদূত মে’-এলিন ষ্টেনৰে এটা ভিডিঅ’যোগে দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ লগতে জার্মানী, ভুটান আৰু ডেনমাৰ্কৰ ৰাজদূতসকলেও নিজ নিজ শুভেচ্ছা বার্তা প্ৰেৰণ কৰে।
ভাৰতস্থিত জাপানৰ দূতাবাসে এই উপলক্ষে নৈশভোজৰো আয়োজন কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে হোৱাইট হাউছত চাকি জ্বলাই দীপাৱলী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।