July 3, 2026 6:51 PM | ajanta neog

printer

ৰহাত নিৰ্মাণৰত জোঙাল বলহু পর্যটন ক্ষেত্ৰ পৰিদৰ্শন মন্ত্রী অজন্তা নেওগৰ

নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পর্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পর্যটন মন্ত্রী অজন্তা নেওগে কামকাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্রায় ৫০ কোটি টকা ব্যয় সাপেক্ষে এই পর্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পর্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্রগতিত সন্তুষ্টি প্রকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকর্ষণীয় পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে ল’ব পৰা পৰম্পৰাগত, সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজন সমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মিয়মান প্রকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূর্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নির্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আযুক্ত দেৱাশিষ শৰ্মা, ৰহাৰ আয়ুক্ত ড০ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পর্যটন বিভাগৰ মহাপ্ৰৱন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।