July 28, 2026 7:59 PM | ajanta neog

printer

চলিত বিত্তীয় বৰ্ষত ৰাজ্যত ১,৭৩৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছেঃ মন্ত্ৰী অজন্তা নেওগ

চলিত বিত্তীয় বৰ্ষত ৰাজ্যত ১,৭৩৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে সদনত আজি এটা প্রশ্নোত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত বৰ্তমান ৬২ হাজাৰ ১৪২ টা অনুমোদিত অঙ্গনবাড়ী কেন্দ্র আছে। 

বিগত কাৰ্যকালত ৯ হাজাৰ ৫৪ টা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম অনুমোদন জনোৱা হৈছিল যদিও ইয়াৰে ৪ হাজাৰ ৪২৩ টা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে বুলি তেওঁ কয়। বৰ্তমান ৪ হাজাৰ ৬৩১ টা আদৰ্শ অঙ্গনবাড়ী নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে। 

ৰাজ্যত খালী হৈ থকা অঙ্গনবাড়ী কর্মী, সহায়িকাৰ পদসমূহ পূৰণ কৰাৰ বাবে শিশু উন্নয়ন প্রকল্প বিষয়াসকলক প্রয়োজন সাপেক্ষে বিভাগীয় নিৰ্দেশনা অনুসৰি বিজ্ঞাপন জাৰি কৰিবলৈ সঞ্চালকালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।