যোৰহাট জিলা প্রশাসনে নাগৰিকসকলৰ সুবিধার্থে জাগৃত যোৰহাট নামৰ এটা অনলাইন প’ৰ্টেল মুকলি কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত কালি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই প’ৰ্টেলটো মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ অধীনৰ যোৰহাট জিলা কেন্দ্ৰই বিকশাই তোলা এই প’ৰ্টেলৰ জৰিয়তে জিলাখনৰ নাগৰিকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নহাকৈয়ে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত, পৰামৰ্শ তথা আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে জানিবলৈ দিয়ে। যোৰহাট জিলাবাসীয়ে WWW.JAGRITAJORHAT.ASSAM.GOV.IN-ত লগইন কৰি নিজৰ নিজৰ অভাৱ অভিযোগসমূহ দাখিল কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ে এই বিষয়সমূহ সংশ্লিষ্ট বিভাগলৈ অনলাইনযোগে প্ৰেৰণ কৰি সমস্যা সমাধান তথা নিষ্পত্তিৰ প্ৰয়াস কৰিব
Assamese | July 2, 2026 12:35 PM | Jorhat
যোৰহাট জিলা প্রশাসনৰ জাগৃত যোৰহাট নামৰ এটা অনলাইন প’ৰ্টেল মুকলি