চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ

যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নির্মাণস্থলী পৰিদৰ্শনকালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উৰণ সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। পৰিদৰ্শনকালত তেওঁ ভৱনটোৰ আন্তঃগাঁথনি আৰু চলি থকা সকলো কামৰ পৰ্যালোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।