আজি আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠজনৰ জীৱনজোৰা অভিজ্ঞতা, জ্ঞান আৰু মূল্যবোধে সমাজক সমৃদ্ধ কৰি আহিছে। নৱপ্ৰজন্মৰ মাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান- প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয়, সহমর্মী আৰু সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে ১ অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে।
জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, নিৰাপত্তা, সামাজিক অংশগ্ৰহণ আৰু সুস্বাস্থ্য নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব আৰু এই দিৱসে এই দায়িত্ববোধক সোঁৱৰাই আহিছে। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰেৰহনীয়া কাৰ্যসূচীৰে আজি এই দিৱস অনুষ্ঠিত হৈছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাত জ্যেষ্ঠ নাগৰিকসকলক একত্ৰিত কৰি প্ৰতিবছৰে আজিৰ দিনটো পালন কৰি অহা হৈছে। আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকলৈ শুভেচ্ছা জনাইছে।
ৰাজ্যৰ অন্যান্য প্ৰান্ততো আজি এই দিৱস পালন কৰা হৈছে। ওদালগুৰি জিলাৰ টংলা জ্যেষ্ঠ নাগৰিক সন্মিলনে আজি আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰে। মহাবীৰ চিলাৰায় শিশু উদ্যান চৌহদত এই উদ্দেশ্যে বিশেষ কার্যসূচী অনুষ্ঠিত হয়।