ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয়, যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্যত অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন।
পৰিৱেশ, সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ্য আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। ১৯৫০ চনত ড° কে. এম. মুন্সিয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অর্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ-গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলাই অহা হৈছে।
গছ- গছনি ৰোপন কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নির্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিটো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে।