অসম বিধানসভাৰ অধিবেশনৰ আজি দশম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয়, যে বিগত ১০ বছৰত অসমৰ পৰা ২ হাজাৰ ৮৯ গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৱৰ্তন কৰা হৈছে।
মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত ১০ বছৰত বাংলাদেশলৈ সৰ্বাধিক ২ হেজাৰ ২৩ গৰাকী লোকক ঘুৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল। এই বিষয়ত বিভিন্ন জাতীয়তাবাদী সংগঠনকে ধৰি সংশ্লিষ্ট অংশীদাৰীসকলৰ সৈতে আলোচনা অব্যাহত আছে।
সীমান্ত সুৰক্ষাৰো উন্নয়নৰ বিভাগৰো মন্ত্ৰীত্বৰ দায়িত্বত থকা শ্ৰীবৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকা উন্নয়ন আৰু সীমা সমস্যা সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি দখল কৰি আছে। বিষয় সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা চলি থকা বুলিও তেওঁ উল্লেখ কৰে।
ইপিনে, জলসিঞ্চন আঁচনি সন্দৰ্ভত অনুষ্ঠিত আলোচনাত বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে ৰাজ্যত মুঠ ৩ হাজাৰ ৫১০ খন জলসিঞ্চন আঁচনি আছে। ইয়াৰে ৮৮২ খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে এহেজাৰ ৪৫৭ খন আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে বুলি তেঁও প্ৰকাশ কৰে।
লগতে তেওঁ কয় যে ৯৩৭ খন আঁচনি বিকল অৱস্থাত আৰু ২৩৪ খন আঁচনি নির্মীয়মান অৱস্থাত আছে। কাৰ্যক্ষম হৈ নথকা আঁচনিসমূহ পুনৰ উপযোগী কৰাৰ উদ্দেশ্যে বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।