ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ বাবে ব্যৱস্থা ল’বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে।
কালি অসম বিধানসভাত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰনজিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰী কোঁৱৰে বিধানসভাৰ ৩০১ নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয়, যে ১৮৫৭ চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় ২৭ বছৰ পূৰ্বে অসমত ইংৰাজ ঔপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল।
এই বিদ্ৰোহৰ অভিযোগত ১৮৩০ চনৰ ২৪ ছেপ্তেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।