July 15, 2026 7:47 PM | Assam Assembly

printer

অসম বিধানসভাত গুৱাহাটী মহানগৰীক পাৰ্প’ল চিটী হিচাপে গঢ় দিয়াক লৈ আলোচনা

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্প’ল চিটী হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটী হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পার্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইপিনে, সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্রকাশ কৰে। ড০ শৰ্মাই বিগত ১০ বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নির্মূলৰ ক্ষেত্ৰত লাভকৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ ২০১৫ চনৰ ৩২ দশমিক ৬-৮ শতাংশৰ তুলনাত বর্তমান ১৪ শতাংশলৈ অৱনমিত হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনা কৰাৰ বিষয়ে আজি বিধানসভাত প্রকাশ কৰে।

মুখ্যমন্ত্রী ড০ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসঙ্গত কয় যে গুৱাহাটীৰ ৰিং ৰোড প্রকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ বাবে ইতিমধ্যে ১৫০ কোটি টকা আবণ্টন দিয়া হৈছে আৰু বর্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাবে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে।

বিধানসভাত আজি পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্রী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্র চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি প্রকাশ কৰে। তেওঁ কয়, যে এতিয়ালৈ ১৮ লাখ ৫৯ হাজাৰ কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে অহা ২৫ জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় ৫ হাজাৰ কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।