July 13, 2026 1:32 PM | Assam Assembly

printer

অসম বিধানসভাৰ অধিবেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিবেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। বিধায়ক হাজৰিকাই কয়, যে হাতী-মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত ১২০ টা হাতী আৰু কমেও ৩৬৩ জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। সদনত মাইক্র’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণ ৰেহাই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে।