অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা চাৰে ৯ বজাত প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাপ’ল চিটী হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে, বাজেট সন্দৰ্ভতো আজি সদনত শাসক-বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল’ব। বিধানসভাত পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ অসমতে কৃষক পঞ্জীয়ন দ্রুত গতিত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে এতিয়ালৈ ১৮ লাখ ৫৯ হাজাৰ কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে।
ইপিনে, ৰাজ্যত সীমা পুনৰ নিৰ্ধাৰণৰ পাছত ১০২ টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি হৈছে। ৭৮ কোটি টকা ব্যয়েৰে ১৫৬ টা কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ’ব। প্ৰতিটো কাৰ্যালয় নিৰ্মাণৰ বাবদ ৫০ লাখ টকাকৈ ব্যয় কৰা হ’ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি সদনত উল্লেখ কৰে।
বিধানসভাত কালি ৰাজ্যখনত পাঁচ বছৰত ১৫ হাজাৰ ৮৬১ হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দিপ্তীময়ী চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয়, যে ৰাজ্যৰ ৩ লাখ ১২ হাজাৰ ৯৮২ হেক্টৰ বনভূমিত এতিয়াও দখলকাৰীৰ কৱলত আছে।
আনহাতে, ৰাজ্যখনলৈ ২০২৫-২৬ বৰ্ষত বিদেশী পর্যটকৰ সংখ্যা ৪৭ হাজাৰলৈ বৃদ্ধি পাইছে বুলি কালি পর্যটন মন্ত্রী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও ২৮ খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।