অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত ১৪ দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় দুদিন হ্ৰাস কৰা হয়। ৬ জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি দুখন নতুন আৰু ১৩ খন সংশোধনী বিধেয়কসহ ১৫ খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়।
ইয়াৰ আগতে ২০২৬ চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নির্ধাৰণ সংশোধনী বিধেয়ক আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক গৃহীত হয়। সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ ২০২৪ চনৰ ৩১ মার্চ পর্যন্ত ৰাজ্যৰ সামাজিক, অর্থনৈতিক আৰু সাধাৰণ খণ্ডৰ প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে কালি সদনত গৃহীত ভূমি আৰু ৰাজহ নিয়ন্ত্রণ সংশোধনী বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্রয়-বিক্রয়ক সন্দৰ্ভত সংশোধনীৰ ব্যৱস্থা কৰা হৈছে।
এই অনুসৰি ৰাজ্যৰ আঢ়ৈশ বছৰীয়া বা তাতকৈ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্রয় কৰিব নোৱাৰিব ।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয়, যে আঢ়ৈশ বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব। ৩ টা প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা-বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়।
পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধর্মীয় অনুষ্ঠানত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্রয় কৰিব নোৱাৰিব।
ইপিনে, বিধানসভাত কালি অসম ৰাজ্যিক উচ্চশিক্ষা পৰিষদ বিধেয়ক, ২০২৬ গৃহীত হয়। এই বিধেয়কখন ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শন, সমন্বিতকৰণ আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীর্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰিব ।
ৰাজ্যখনত ধান সৰিয়হৰ লগতে মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মাকৈৰ ন্যূনতম সমর্থন মূল্য ২,৪১০ টকা ধাৰ্য কৰা হৈছে বুলি কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই সদনক জানিবলৈ দিয়ে।
ইয়াৰ লগত ৰাজ্য চৰকাৰে অতিৰিক্ত ২৫০ টকা প্ৰদান কৰাৰ ফলত কৃষকসকলে প্ৰতি কুইণ্টল মাকৈৰ বিপৰীতে দুহেজাৰ ৬৬০ টকাকৈ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সদনত কালি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে।