অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে ৷
ইপিনে, ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে।
ড° শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে মাদক দ্রব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যর্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্রয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়।
মাদক দ্রব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে।
স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে স্বাস্থ্য বিভাগে শীঘ্ৰেই এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্রটন থেৰাপি মেচিন ক্ৰয় কৰিব। কালিৰে পৰা অনুষ্ঠিত ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব৷