অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে।
বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকত পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে।
কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীবায়নে কয় যে অসমৰ এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই উদ্দেশ্যে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ স্পীকাৰ অ’ডিটৰিয়ামত পৰিষদৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে।
এই আলোচনাচক্ৰত দেশৰ বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক ৰাজদীপ চৰদেশাই, জলসম্পদ বিজ্ঞানী তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ড০ অৰূপ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ভাগৱত প্ৰাণ দুৱৰা, লেখক-সমালোচক তথা জলসম্পদ বিষয়ৰ বিশেষজ্ঞ ড০ সঞ্জয় হাজৰিকা আৰু বিবিচি এছিয়া পেচিফিকৰ লীড এডিটৰ শচীন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।