August 12, 2026 12:11 PM | Assam Flood

printer

ৰাজ্যৰ বান প্রভাৱিত ২৫৪খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰা পাঠদান


ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্রতিক বানত ৪৪১খন গাঁৱৰ ১ লাখ ১২ হাজাৰ ৭১৮জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৭৯.০৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।

বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। বিগত ৪৮ ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই ।
উজনি অসমৰ চাৰিখন জিলাৰ ২৫৪ খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰাহে পাঠদান কৰা হব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়।

জিলাখনৰ বান ক্ষতিগ্রস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ ১৭ আগষ্ট পর্যন্ত বন্ধ ৰখা হৈছে।

যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্রশাসনে বান প্রভাৱিত এলেকাৰ ৬৬ খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন ১৭ আগষ্ট পর্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ পাঁচটা স্থানৰ ভিতৰত চাৰিটা স্থানতেই মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শলমাৰাত এই কাম শেষ পৰ্যায়ত আছে।

ইপিনে ৰাজ্যত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব৷