কাৰ্বি পাহাৰত যোৱা নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰ ৰাজহ চক্ৰৰ বামুনীৰ ভাটাবাৰী অঞ্চলৰ অর্ধশতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। বাঢ়নি পানীয়ে ভাটাবাৰী অঞ্চলত বাসগৃহৰ উপৰি খেতি পথাৰ আৰু পশুধনৰো ক্ষতি কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোৰ বামুণী নিজৰিগাঁও, কাঠাৰগাঁও আৰু উপৰ বৰভগীয়া গাঁও বানৰ কবলত পৰিছে। জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে অঞ্চলটোত বানৰ ফলত শতাধিক লোক প্রভাবিত হয়। নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীয়ে নগাওঁ চহৰৰ বিভিন্ন অঞ্চলতো কৃত্রিম বানৰসৃষ্টি কৰে। বিশেষকৈ পানীগাওঁ, হয়বৰগাওঁ, মিলনপুৰ, চকীটোপ আৰু বৰবজাৰ অঞ্চলত কৃত্রিম বানৰ ফলত জনজীবন বিপন্ন হৈ পৰে। বৰষুণৰ ফলত নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ জলপৃষ্ঠও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে।
Assamese | September 23, 2026 7:38 PM | Assam Flood
কলিয়াবৰ ৰাজহ চক্ৰৰ বামুনীৰ ভাটাবাৰী অঞ্চলৰ অর্ধশতাধিক পৰিয়ালৰ বাসগৃহ বানৰ কবলত