August 10, 2026 1:24 PM

views 36

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, মুৰব্বী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্রভাবিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩.৪৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি, কৰদৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে চিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ ছটা ৰাজহ চক্ৰৰ ১৪৫ খন গাঁও বানৰ কবলত পৰিছে।...

August 9, 2026 7:13 PM

views 27

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ চাৰিখন জিলাত ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ

অসমত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সম-জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ডিমৌৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। গড়গাঁও পঞ্চায়তৰ দুই নম্বৰ ৰামু গাঁৱৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হয়। সমজিলা আয়ুক্ত লুকুমণি বৰাই প্রকাশ কৰা মতে জৰীপৰ বাবে ৮০ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। বানত ক্ষতিগ্রস্ত বাসগৃহ, পশুধন আৰু অন্যান্য সামগ্ৰীৰ জৰীপ...

August 7, 2026 6:44 PM

views 21

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ-নদীৰ জলস্তৰ বৃদ্ধি

চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ-নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্রতিক বানত ৪৮১ খন গাঁৱৰ ১ লাখ ৬৮ হাজাৰৰো অধিক লোক প্রভাৱিত হোৱাৰ উপৰি ১৪,৩৮২ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু ...

August 6, 2026 12:09 PM

views 44

ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি

বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ৩৮টা ৰাজহ চক্ৰৰ ৫৬৩ খন গাঁৱৰ ১৬ হাজাৰ ৯৫১ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ৬০ ...

August 6, 2026 11:47 AM

views 24

জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্রস্ত মথাউৰিৰ অংশ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্রস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে চৰকাৰী নৈপৰীয়া লোকসকলক খহনীয়াৰ পৰা সুৰক্ষ...

August 6, 2026 11:38 AM

views 43

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ যোৱা অঞ্চলৰ ৩৩ খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ যোৱা অঞ্চলৰ ৩৩ খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্র সিঙে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিন্থেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্রহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিন্থেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় ...

August 6, 2026 11:27 AM

views 31

সাম্প্ৰতিক বানত ৰাজ্যৰ ৯৫ জন লোকৰ প্রাণহানি

বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্রতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ৩৮টা ৰাজহ চক্ৰৰ ৫৬৩ খন গাঁৱৰ ১৬ হাজাৰ ৯৫১ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ৬০ ...

August 5, 2026 6:53 PM

views 32

ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও বিভিন্ন অংশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ২৮টা ৰাজহ চক্ৰৰ ৩৬৫ খন গাঁৱৰ ১৫ হাজাৰ ৩৪২ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত ...

August 5, 2026 6:52 PM

views 27

মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা

পর্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়-ক্ষতিৰ খতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্...

August 5, 2026 6:48 PM

views 25

উজনিৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ অসম সাহিত্য সভাৰ দাবী উত্থাপন

অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সাহিত্য সভাই লগতে ৰাজ্যৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞান ভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহ...