জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্রস্ত মথাউৰিৰ অংশ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্রস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে চৰকাৰী নৈপৰীয়া লোকসকলক খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। বিহপুৰীয়া সমষ্টিৰ লতাবাৰীৰ মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তেওঁ জলসম্পদ বিভাগে গ্রহণ কৰা ব্যৱস্থাৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰেই সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ক্ষয়-ক্ষতিৰ জৰীপ চলাবলৈ নির্দেশ দিয়ে।

অনাগত সময়ত ল’বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। তেওঁৰ সৈতে গহপুৰৰ বিধায়ক উৎপল বৰাও উপস্থিত থাকে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ সমজিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে লগতে জলসম্পদ বিভাগক বান আৰু খহনীয়া সমস্যাৰ সন্মুখীন হোৱাৰ বাবে স্থায়ী সমাধান কৌশল উলিয়াবলৈ আহ্বান জনায়।