ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ যোৱা অঞ্চলৰ ৩৩ খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্র সিঙে মন্তব্য কৰিছে।
লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিন্থেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্রহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিন্থেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় তথ্যত দিনৰ ভাগত আৰু ফৰকাল বতৰত লোৱা উচ্চ ৰিজ’লিউচনৰ প্ৰতিচ্ছবি অন্তৰ্ভুক্ত হৈ থাকে।
মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসমৰ বান তথ্যৰ জিলাভিত্তিক সবিশেষ প্রদান আৰু সময় সাপেক্ষ উদ্ধাৰ তথা সাহায্য অভিযান উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত জলমগ্ন অঞ্চলৰ মানচিত্ৰ প্ৰেৰণ অন্যতম। ফৰকাল বতৰত উপগ্ৰহীয় তথ্যৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি জিলা পৰ্যায়ত বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ ৰিজ’লিউচনৰ উপগ্ৰহৰ তথ্যৰ ব্যৱহাৰ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।