August 5, 2026 4:25 PM

views 54

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয...

July 31, 2026 11:50 AM

views 37

সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ লৈ বৃদ্ধি

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৮ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাওঁ আৰু কামৰূপ মহানগ...

July 31, 2026 11:40 AM

views 22

বানত বিধবস্ত হোৱা প্ৰতিটো নামঘৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ডেৰ লাখ টকাকৈ অনুদান

শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত বিধবস্ত হোৱা প্ৰতিটো নামঘৰ পুনৰনিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ডেৰ লাখ টকাকৈ অনুদান আগবঢ়াব। অসম দৰ্শন আঁচনিৰ জৰিয়তে এই ধন প্ৰদান কৰা হ'ব । প্রাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্রস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবেও অর্থসাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক ১৫ হাজাৰ টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰি...

July 30, 2026 7:22 PM

views 23

ৰাজ্যৰ বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰৰ ৯ লাখ টকাকৈ সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালীখুটিত একেটা পৰিয়ালৰ ৩ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক ৯ লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে ৪ লাখ টকা অনুকম্পমূলক পুঁজি আৰু...

July 30, 2026 3:31 PM

views 25

কেন্দ্ৰীয় চৰকাৰৰ ৬গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰ্যালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে

কেন্দ্ৰীয় চৰকাৰৰ ৬গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰ্যালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্রস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়-ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰ...

July 30, 2026 11:30 AM

views 29

সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ লৈ বৃদ্ধি

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ লৈ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কৱলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ...

July 29, 2026 12:31 PM

views 39

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। সম্প্ৰতি ৬২২ খন গাঁৱৰ ৩ লাখ ৩২ হাজাৰ ৬৩৯ জন লোক আৰু ৪৫ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰ...

July 26, 2026 9:02 PM

views 34

বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযানৰ শুভাৰম্ভ

যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টীয়ক বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে ১ নং খণ্ডীয়া প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম-কাজ পৰিচালনা কৰে। জিলাখনৰ টীয়কৰ ধনতোলা আৰু টীয়ক চাহ বাগি...

July 25, 2026 8:30 PM

views 32

ৰাজ্যৰ সাম্প্ৰতিক বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২ খন জিলাৰ ৮৫৬ খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে।  বানৰ ফলত কালি আৰু ১৪ জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ছজন, চৰাইদেউত ৭ জন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১ হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা ...

July 25, 2026 12:01 PM

views 36

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়, বানত ৬১জনৰ প্ৰাণহানি

অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২ খন জিলাৰ ৮৫৬খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে।  এইবাৰৰ বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু ১৪ জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ৬জন, চৰাইদেউত ৭ জন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১ হৈছেগৈ । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা ...