July 31, 2026 11:50 AM | Assam Flood

printer

সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ লৈ বৃদ্ধি

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৮ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে।

ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাওঁ আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কৱলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭৫ খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে।

ইপিনে, নাগালেণ্ডৰ ঊষা জিলাত থকা নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানীৰ স্তৰ ৩২২ দশমিক ৪ – 0 মিটাৰলৈ বৃদ্ধি পোৱাৰ পাছত কালি প্ৰকল্পটোৰ ২, ৩ আৰু ৪ নম্বৰ স্পীলৱে গে’ট খুলি দিয়া হয়। স্পীল ৱেৰ জৰিয়তে প্রতি চেকেণ্ডত প্ৰায় ৯৪ ঘনমিটাৰ পানী এৰি থকা হৈছে।