পৃথিৱীৰ নিকটতম স্থানত শনি গ্ৰহৰ অৱস্থান

সৌৰজগতৰ অন্যতম মহাজাগতিক ঘটনা হিচাপে আজি শনি গ্রহই পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব। পৃথিৱীয়ে সূৰ্য আৰু শনি গ্ৰহৰ মাজেদি পাৰ হৈ যাওতে সূর্য, পৃথিবী আৰু শনি গ্রহ প্রায় একেডাল সৰলৰেখাত অৱস্থান কৰিব। এনে পৰিঘটনা সাধাৰণতে ১২ বছৰ ৫ মাহৰ অন্তৰালত সংঘটিত হয়।

আজি এই সময়ছোৱাত শনি গ্রহ সন্ধিয়াৰ পূব আকাশত খালী চকুৰে উজ্জ্বল ৰূপত দেখা পোৱা যাব। এই পৰিঘটনাৰ সৈতে সংগতি ৰাখি গুৱাহাটী তাৰকাগৃহই আজিৰে পৰা ১১ অক্টোবৰলৈ সন্ধিয়া ৬ বজাৰ পৰা ৭.৩০ বজালৈ সৌৰ জগতৰ বিৰল পৰিঘটনা জনসাধাৰণক দূৰবীণ যন্ত্ৰৰ সহায়ত দেখুওৱাৰ ব্যৱস্থা কৰিছে।