কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে কালি আনুষ্ঠানিকভাবে মুকলি কৰা হয়। অসমৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব।

প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰি লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্রকাশ কৰে।

পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অর্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয়, সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পর্যটনকেন্দ্রিক কাম-কাজৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্রয়াস চলাই আছে।

তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকর্ষণীয় স্থানসমূহক সামৰি নতুন পর্যটন চার্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্রকাশ কৰে। বন্যপ্রাণী সংৰক্ষণে কাজিৰঙাৰ পৰ্যটনৰ মূল ভেটি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিখ্যাত এটা খড়গযুক্ত গড়ে দেশ বিদেশৰ পৰ্যটকৰ মূল আকর্ষণ।

ৰাজ্যচৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বাবে গঁড় হত্যাৰ ঘটনা প্রায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণ প্ৰচেষ্টাই কাজিৰঙাক বিশ্ব পৰ্যটনৰ মানচিত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে।

অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰা আৰু সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থাকে। উদ্যানখনত কালিৰে পৰা জীপ ছাফাৰী সেৱা আৰম্ভ হৈছে। যাৱতীয় প্ৰস্তুতিৰ সম্পূৰ্ণ হোৱাৰ পিছত অহা ১০-২০ দিনৰ ভিতৰত হাতী ছাফাৰী সেৱাও পুনৰ আৰম্ভ কৰা হ’ব বুলি কোৱা হৈছে।