নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্রার্থীৰ সমর্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক, বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নির্বাচনী সভাত অংশ লৈ দলীয় প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° শৰ্মাই পৰহিলৈ হ’বলগীয়া নগাঁও লোকসভাৰ উপ নির্বাচনৰ বাবে ১৫ খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্রী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্রদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নির্বাচনী সভাত অংশগ্ৰহণ কৰে।

একেদৰে কংগ্ৰেছ প্রার্থী শিৱামণি বৰাৰ সমর্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰীত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই এটা সমদলতো অংশগ্ৰহণ কৰে।

এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সামৰণি দিনটোত আজি বিজেপিয়ে ২৩০৯টা বুথত পদযাত্রা কৰিব। আনহাতে ১০ হাজাৰ চোতালত বৈঠক কৰি বিজেপিয়ে অন্তিম দিনাৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।

ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ সুকলমে আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যেম মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ-নির্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে।

ভোটগ্রহণৰ প্ৰাক মূহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লায়িং স্কোৱাড টিমে অভিযান অব্যাহত ৰাখিছে। জিলা প্রশাসনে নির্বাচনত ধনৰ লেন দেন ৰোধ কৰাৰ বাবে গঠন কৰা ৪৫টা নিৰীক্ষণকাৰী দল আৰু ৪৫টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্রান্তত অভিযান চলাই আছে।