বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্রদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্রবেশক লৈ তীব্র প্রতিবাদ সাব্যস্ত কৰিছে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্রদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্রবেশক লৈ তীব্র প্রতিবাদ সাব্যস্ত কৰিছে। ভাৰতে লগতে পঞ্জাৱৰ ফিৰোজপুৰ খণ্ডত যোৱা যোৱা শুকুৰবাৰে সংঘটিত ঘটনা সন্দর্ভত পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি স্পষ্ট কৰি দিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে, পাকিস্তানী পক্ষৰ ৩ গৰাকী লোকে পাকিস্তানৰ ফালৰ পৰা ভাৰতীয় ভূখণ্ডত প্রবেশ কৰিব চেষ্টা কৰিছিল আৰু সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে পাকিস্তানলৈ ঘুৰি যাবলৈ বাৰে বাৰে সকীয়াই দিয়া স্বত্বেও সীমান্তৰ বেৰৰ দিশে অগ্ৰসৰ হৈছিল।

এনে পৰিস্থিতিত বি এছ এফে দেশৰ সুৰক্ষাৰ খাতিৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। এই ধৰণৰ ঘটনাই পাকিস্তানৰ ফালৰ পৰা হৈ থকা নিৰন্তৰ অনুপ্ৰৱেশ আৰু মাদক দ্রব্য সৰবৰাহৰ প্ৰয়াসকে প্রতিফলিত কৰে বুলি ভাৰতে স্পষ্ট কৰি দিছে।

ভাৰতে চুবুৰীয়া দেশখনক অনুপ্ৰবেশ আৰু মাদক দ্ৰব্যৰ সৰবৰাহৰ ঘটনাৰ তদন্ত কৰিবলৈ আৰু দেশখনৰ সীমান্ত সুৰক্ষা বাহিনীক প্রয়োজনীয়া ব্যবস্থা গ্রহণ কৰাৰ বাবে নির্দেশ দিবলৈ আহ্বান জনাইছে।

ইয়াৰ উপৰি পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৱিত্ৰতাৰ প্ৰতি সন্মান জনাবলৈ আৰু চুবুৰীয়া দেশখনৰ ফালৰ পৰা অবৈধ গতি-বিধি বন্ধ কৰাৰ বাবে ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।