লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। এই অনুসৰি বিজেপিৰ সাংসদ ভর্তৃহৰি মহতাবক লোকসভাৰ ২১ আৰু ৰাজ্যসভাৰ ১০ গৰাকী সদস্যৰে গঠিত বিত্ত বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক বৈদেশিক পৰিক্ৰমা বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে। এই সমিতিত নিম্ন সদনৰ ২১ গৰাকী আৰু উচ্চ সদনৰ ১০ গৰাকী সদস্য অন্তর্ভুক্ত কৰা হৈছে।

একেদৰে বিজেপিৰ সাংসদ সুধীৰ গুপ্তাক ৰেলৱে আৰু লোকসভাৰ সাংসদ ড° কাকলী ঘোষ দস্তিদাৰক ৰাসায়নিক আৰু সাৰ বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে।

কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং চান্নীক কৃষি, পশুপালন আৰু খাদ্য প্ৰস্কৰণ, বিজেপিৰ সাংসদ ৰাধা মোহন সিঙক প্ৰতিৰক্ষা, বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডীক জলসম্পদ বিষয়ক সমিতিৰ সভাপতিৰ দায়িত্ব অর্পণ কৰা হৈছে।

ইপিনে কংগ্রেছ সাংসদ সপ্তগিৰি উলাকাক গ্রামোন্নয়ন আৰু পঞ্চায়তী ৰাজ আৰু বিজেপিৰ সাংসদ নিশিকান্ত ডুবেক যোগাযোগ আৰু তথ্য প্রযুক্তি বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিসমূহৰ কাৰ্যকাল যোৱা মাহৰ ২৬ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।