অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ লৈ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে।
বানৰ কৱলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱাপানী সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭৫ খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্রভাৱিত হৈ আছে। নাগালেণ্ডৰ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা ৮ বজালৈ জলাধৰৰ পানীৰ স্তৰ ৩২২.৪০ মিটাৰত আছে।
প্ৰকল্পটোৰ ২, ৩ আৰু ৪ নম্বৰ স্পীলৱে গে’ট খুলি পানী এৰি থকা হৈছে। স্পীল ৱেৰ জৰিয়তে প্রায় ৯৪ কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ’ টিউব স্থাপনৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ’ টিউব স্থাপনৰ কাম ৬০ শতাংশ সম্পূৰ্ণ হৈছে।
ধনতোলাৰ জাঁজী বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালিশ্বেডিং আৰু জিঅ’বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাঁজী নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈৰ সোঁপাৰৰ শলমৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ’ টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে, ভোগদৈৰ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা ১৫ জনীয়া প্রতিনিধি দলে আজি উজনি অসমৰ চাৰিখন জিলা ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ ল’ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জী ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।