August 9, 2026 11:44 AM

views 29

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১২ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১২ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৬০ খন গাঁৱৰ ১ লাখ ৪৭ হাজাৰ ৩৭৪ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০৫৯৯.৮৯ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। গোলাঘাট জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্রতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ হৈছেগৈ। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শিৱসাগ...

August 5, 2026 6:53 PM

views 24

ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও বিভিন্ন অংশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ২৮টা ৰাজহ চক্ৰৰ ৩৬৫ খন গাঁৱৰ ১৫ হাজাৰ ৩৪২ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত ...

August 2, 2026 7:42 PM

views 24

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত বানপীড়িত ৰাইজৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভিন্ন দল-সংগঠনৰ সাহায্য

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাবনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ, দল-সংগঠন, স্বেচ্ছাসেবী সংস্থাৰ লগতে দেশ-বিদেশৰ বিভিন্ন লোক আৰু সংস্থাইও সহযোগিতা আগবঢ়াইছে। আজি বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰি চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্রা উলিয়ায়। তেওঁলোকে সুৰ বাহিনীৰূপে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ ছয়মাইল উৰণ সেতুৰ তলত দান-বৰঙণি...

August 2, 2026 7:27 PM

views 18

অসমৰ ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাবিত

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ৩৪৯ খন গাঁৱৰ ১৭,০৮,৮৩৭ জন লোক প্রভাৱিত হৈছে। তদুপৰি ১৫,০৬০ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্রতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই।

August 1, 2026 12:52 PM

views 34

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, ৫ জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত ৩৭৯ খন গাঁৱৰ এক লাখ ৯২ হাজাৰ ৭৯৯ জন লোক প্রভাবিত হৈছে। তদুপৰি ১৫ হাজাৰ ৪৩০ হেক্টৰ কৃষি ভূমি ক্ষতিগ্রস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বর্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্রীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা...

July 30, 2026 11:30 AM

views 21

সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ লৈ বৃদ্ধি

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ লৈ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কৱলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ...

July 29, 2026 1:26 PM

views 29

গৃহমন্ত্ৰী অমিত শ্বাহৰ বানৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে মত-বিনিময়

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য শ...

July 29, 2026 12:31 PM

views 31

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। সম্প্ৰতি ৬২২ খন গাঁৱৰ ৩ লাখ ৩২ হাজাৰ ৬৩৯ জন লোক আৰু ৪৫ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰ...

July 28, 2026 12:27 PM

views 65

বানত ক্ষতিগ্রস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সিদ্ধান্ত

শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পর্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কয়, যে প্রতিনিধি দলসমূহে জিলা প্রশাসন, জিলা পৰিষদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় সাধন কৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ণ কৰিব। ইয়াৰ লগতে পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ অ...

July 28, 2026 11:46 AM

views 32

বানত অসমৰ ৩৭,১৩৯.৫২ হেক্টৰ কৃষি ভূমি ক্ষতিগ্রস্ত; মৃতকৰ সংখ্যা ৬৮ লৈ বৃদ্ধি

অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ৬ খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৬৩১ খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্রতি ৪ লাখ ৪৫ হাজাৰ ৪৯৫ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ ৩৭,১৩৯.৫২ হেক্টৰ কৃষি ভূমি ক্ষতিগ্রস্ত হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্রী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্রস্ত লোকসকলক সহায়ৰ বাবে ২ লাখ ৮৮ হাজাৰ পেকেট...