ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত ৩৭৯ খন গাঁৱৰ এক লাখ ৯২ হাজাৰ ৭৯৯ জন লোক প্রভাবিত হৈছে। তদুপৰি ১৫ হাজাৰ ৪৩০ হেক্টৰ কৃষি ভূমি ক্ষতিগ্রস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বর্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ লৈ বৃদ্ধি পাইছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্রীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা ৭ আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ’ব বুলি জানিবলৈ দিয়ে।
ড০ শৰ্মাই ৰাজহুৱা আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰবাসন ব্যৱস্থা দ্রুত গতিত ৰূপায়ণৰ বাবে নির্দেশ দিয়ে।
কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই কালি শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিৰ বান প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বান ক্ষতিগ্রস্ত কৃষকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লগতে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বৰাৰ সৈতে নাজিৰা অঞ্চল পৰিদৰ্শন কৰি সমজিলা আযুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। মন্ত্রী অতুল বৰাই কালি মৰিয়নীৰ পুঠি নদীৰ বাঢ়নি পানীয়ে ক্ষতি কৰা কলিয়াপানী উন্নয়ন খণ্ডৰ বলমা দেওধাই গাঁও পৰিদৰ্শন কৰে। তেওঁ পঞ্চায়ত প্রতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু তৎপৰতাৰে এই অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
শ্ৰীবৰাই টিয়কৰ বিধায়ক বিকাশ শইকীয়াৰ সৈতে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এটা প্রতিনিধি দল লৈ কালি উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ এলেংমৰা, পহুমৰা আৰু এলেংমৰা খুটিয়াপটা গাঁও পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই অঞ্চলসমূহত পুনৰুদ্ধাৰ আৰু পুনর্বাসন ব্যৱস্থা দ্রুত গতিত ৰূপায়ণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে।
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নাজিৰা সমষ্টিৰ নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ বানত প্রাণহানি হোৱা ৪ টা পৰিয়ালক ৫০ হাজাৰ টকাকৈ আৰু ক্ষতিগ্রস্ত ৮০ টা পৰিয়ালক ৫ হাজাৰ টকাকৈ তাৎক্ষণিক সাহায্য আগবঢ়ায়। শ্রীগগৈয়ে বান ক্ষতিগ্রস্ত লোকলৈ চৰকাৰৰ ১৫ হাজাৰ টকাৰ আর্থিক সাহায্য পর্যাপ্ত নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। তেওঁ প্রতিটো বান পীড়িত পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ, নেপালীখুটিৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে ৮ বিঘা মাটিৰ আৱণ্টনকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ বিনামুলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়।
ইপিনে গ্রীষ্ম বন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰপ্রায় ৫৫০ খন স্কুল বানত ক্ষতিগ্রস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ৯ আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্রভাৱিত জিলাসমূহত এই নির্ধাৰিত সময়লৈ বিদ্যালয়সমূহ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্রিক বান পৰিস্থিতি সন্দর্ভত কালি ফোন যোগে কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড়ৰ সাংসদ সর্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয়, যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপি অসম প্রদেশক বান ক্ষতিগ্রস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিছে। শ্রী সোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্রস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্রী নবীনক অৱগত কৰে।