অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ৬ খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৬৩১ খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্রতি ৪ লাখ ৪৫ হাজাৰ ৪৯৫ জন লোক ক্ষতিৰ সন্মুখীন হৈছে।
এই বানত ৰাজ্যখনৰ ৩৭,১৩৯.৫২ হেক্টৰ কৃষি ভূমি ক্ষতিগ্রস্ত হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।
ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্রী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্রস্ত লোকসকলক সহায়ৰ বাবে ২ লাখ ৮৮ হাজাৰ পেকেট খাদ্য সামগ্রী, ৬ লাখ ৭০ হাজাৰ লিটাৰ খোৱাপানী আৰু ৩০ হাজাৰ পৰিয়ালক ত্রিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে।
ইপিনে, স্বাস্থ্য বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পর্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকর্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। তদুপৰি স্বাস্থ্যশিবিৰ মুকলি কৰি বানৰ কৱলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্রদান কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।