ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। সম্প্ৰতি ৬২২ খন গাঁৱৰ ৩ লাখ ৩২ হাজাৰ ৬৩৯ জন লোক আৰু ৪৫ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব বুলি কালি ফে’চবুক লাইভযোগে ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা অবিহনে এই ধনৰাশি আগবঢ়োৱা হ’ব বুলি তেওঁ কয়।

তদুপৰি ৰাজ্য চৰকাৰে বানত এমাহতকৈ অধিক দিন সন্ধানহীন হৈ থকা লোকৰ পৰিয়াললৈও ৪ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বানত প্রাণহানি হোৱা লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি এক লাখৰো অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক অত্যাৱশ্যকীয় প্রয়োজন পূৰণ কৰিব পৰাকৈ ১৫ হাজাৰ টকাকৈ দিয়া হ’ব।

অৰুণোদয় আঁচনিৰ অধীনত চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ হিতাধিকাৰীয়ে ১ আগষ্টত ২,৫০০ টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধার্থে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ কিতাপ ক্ৰয়ৰ বাবে ১ হাজাৰ টকাকৈ, স্নাতক পর্যায়ৰ বাবে ৩ হাজাৰ টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম ক্ৰয়ত সহায় কৰা হ’ব।

আনহাতে, বানত শৈক্ষিক প্রমাণপত্র, মার্কশ্বিট আদি নষ্ট হোৱা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ এই প্ৰমাণপত্ৰসমূহৰ প্ৰতিলিপি লাভ কৰাৰ ক্ষেত্ৰত আবেদন মাচুল ৰেহাই দি সহায় কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

বানত হানি হোৱা পশুধন, শস্য আৰু মীন পালকসকলৰ ক্ষয়-ক্ষতিৰ অহা ৩ আগষ্টৰ পৰা বুজ লৈ পৰৱৰ্তী সময়ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি অসমৰ বিজেপি সাংসদসকলৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয়। কেন্দ্রীয় চৰকাৰে বানৰ ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্রধানমন্ত্রীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ জনসাধাৰণে আগবঢ়োৱা ২৬ কোটি ৫৮ লাখ টকা বানপীড়িতৰ সহায়ৰ বাবে ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।