ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও বিভিন্ন অংশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ২৮টা ৰাজহ চক্ৰৰ ৩৬৫ খন গাঁৱৰ ১৫ হাজাৰ ৩৪২ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি পাইছে।

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত ৩ খন নদীৰ বাঢ়নি পানীয়ে বিস্তীর্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহ চক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট, আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নি পানীয়ে বহু ঘৰ-বাৰী বুৰাই পেলাইছে। ইপিনে, সুলেঙী নদীৰ বাঢ়নি পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে।

দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নী পানীয়ে আজি পুৱা মথাউৰিৰ প্রায় ১০ মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি, চমুৱাপাৰা গাওঁ পঞ্চায়তৰ ৩০ খনতকৈ অধিক গাওঁ প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ চিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে।

ইপিনে, নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।