উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাবনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ, দল-সংগঠন, স্বেচ্ছাসেবী সংস্থাৰ লগতে দেশ-বিদেশৰ বিভিন্ন লোক আৰু সংস্থাইও সহযোগিতা আগবঢ়াইছে।
আজি বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰি চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্রা উলিয়ায়। তেওঁলোকে সুৰ বাহিনীৰূপে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ ছয়মাইল উৰণ সেতুৰ তলত দান-বৰঙণি সংগ্ৰহ কৰে।
প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদর্শেৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা-কুশলীয়ে অংশগ্রহণ কৰে। দলটোৰ সদস্য গৰিমা শইকীয়া গার্গে কয়, যে ৮ আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসাকর্মীকে ধৰি ৪০ জনীয়া এটা বৃহৎ দল ৰাওনা হ’ব।
৯ৰ পৰা ১১ আগষ্টলৈ তেওঁলোকে বান ক্ষতিগ্রস্ত অঞ্চলত চিকিৎসা শিবিৰ মুকলি কৰিব। কাইলৈ দলটোৱে জালুকবাৰীত বান সাহায্য সংগ্ৰহ কৰিব।
শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ-দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্রতিষ্ঠানত আজি নর্থ-ইষ্ট ফাউণ্ডেচন নামৰ সংস্থাটোৱে ছাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলস আদি আওঁৰোৱাৰ ব্যৱস্থা কৰে।
উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেবী সংস্থাই ক্ষতিগ্রস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাত সহায় কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুলোকে স্বেচ্ছাই এই অঞ্চলসমূহত সহযোগ আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমণি গগৈ নামৰ এজন যুৱকে নিজে সাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে।