August 2, 2026 7:27 PM | Assam Flood 2026

printer

অসমৰ ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাবিত

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে।

এই বানত ৩৪৯ খন গাঁৱৰ ১৭,০৮,৮৩৭ জন লোক প্রভাৱিত হৈছে। তদুপৰি ১৫,০৬০ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্রতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই।