August 9, 2026 11:44 AM | Assam Flood 2026

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১২ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১২ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৬০ খন গাঁৱৰ ১ লাখ ৪৭ হাজাৰ ৩৭৪ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০৫৯৯.৮৯ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। গোলাঘাট জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্রতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ হৈছেগৈ।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শিৱসাগৰ আৰু চৰাইদেউত শুকুৰবাৰৰ পৰা অহা ধুমুহা-বৰষুণৰ ফলত বিস্তীর্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। শিৱসাগৰৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্রিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে।
ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নির্মীয়মান ৪ শৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাষণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ মৰঙি অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চলৰ কেন্দুগুৰি আৰু কৰদৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীর্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে ন বিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে।
পশ্চিম ধোদাঙৰ আৱাসী এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি কুৰিটাতকৈও অধিক কৃষিজীৱি পৰিয়াল স্থানান্তৰিত হ’বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষি ভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে।