July 27, 2026 10:58 AM

views 37

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত; এতিয়াও ৫ লাখ ২৪ হাজাৰ ৭৩৩ জন লোক ক্ষতিৰ সম্মুখীন

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ৯ খন জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৭৬৩ খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্রতি ৫ লাখ ২৪ হাজাৰ ৭৩৩ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু দুজন লোকে প্রাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭,৭২৪ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সর্বাধিক ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীর্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত...

July 26, 2026 10:54 AM

views 41

অসমৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে এতিয়াও ১০ খন জিলাৰ ৮১০ খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সর্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত ৬ লাখ ৫৪ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু ৪ জন লোকে প্রাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ৩ জন আৰু চৰাইদেউত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৫ হৈছেগৈ। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্র অনুসৰি সাম্প্ৰতিক বানত ৩৪,৯৭০ হেক্টৰৰো অধিক কৃষিভূমি প্লাবি...

July 23, 2026 11:31 AM

views 41

ৰাজ্যৰ সাম্প্রতিক বানত ৯৩৯ খন গাঁৱৰ ৬ লাখ ৫৩ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত

অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কৱলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১১ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্রাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্রতিক বানত ৪০টা ৰাজহ চক্ৰৰ ৯৩৯ খন গাঁৱৰ ৬ লাখ ৫৩ হাজাৰ ১৬৪ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত তিনিজনকৈ, চৰাইদেউত দুজন আৰু ধেমাজি আৰু কাৰ্বি আংলঙত এজনকৈ লোকে প্রাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাই...

July 23, 2026 11:24 AM

views 40

ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ বৈঠক

ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল ছুইটী ছাংচানে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ড০ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থ...

July 22, 2026 10:13 AM

views 27

ৰাজ্যৰ বানত ১৬ খন জিলাৰ ৩ লাখ ১০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন; ৩১ জন লোকৰ প্ৰাণহানি

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। শেহতীয়া বানত ১৬ খন জিলাৰ ৫ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত আছে। চলিত বৰ্ষৰ বানত এইপর্যন্ত ৩১ জন লোকে প্রাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্র অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কার্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ২৪,২১০ হেক...

July 3, 2026 6:42 PM

views 21

ৰাজ্যৰ বান পৰিস্থিতি সামগ্রিকভাৱে উন্নত, ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত

ৰাজ্যৰ বান পৰিস্থিতি সামগ্রিকভাৱে উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ ২৫ হাজাৰ ৯০ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে আৰু ৩৯৩.৪৪ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা চাৰিটা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও ১২৯ গৰাকী লোকে আশ্রয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছ...

June 30, 2026 12:46 PM

views 37

শেহতীয়া বানত ৰাজ্যৰ ৭ জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্রস্ত

শেহতীয়া বানত ৰাজ্যৰ সাতখন জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্রস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ সাতখন জিলাৰ ১৪ টা ৰাজহচক্ৰৰ ২৫৭ খন গাঁও এই বানত ক্ষতিগ্রস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ ১৭৬ খন গাঁও ক্ষতিগ্রস্ত হৈছে। বর্তমান জিলাখনৰ বান পৰিস্থিতি পূর্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বর্তমানল...