July 23, 2026 11:31 AM | Assam Flood 2026

printer

ৰাজ্যৰ সাম্প্রতিক বানত ৯৩৯ খন গাঁৱৰ ৬ লাখ ৫৩ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত

অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কৱলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১১ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্রাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে।

সাম্প্রতিক বানত ৪০টা ৰাজহ চক্ৰৰ ৯৩৯ খন গাঁৱৰ ৬ লাখ ৫৩ হাজাৰ ১৬৪ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত তিনিজনকৈ, চৰাইদেউত দুজন আৰু ধেমাজি আৰু কাৰ্বি আংলঙত এজনকৈ লোকে প্রাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্র অনুসৰি সাম্প্ৰতিক বানত ২৪,৮৯৭হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্রশাসনে ক্ষতিগ্রস্ত জিলাসমূহত ১০৬টা আশ্রয় শিবিৰ আৰু ৩৮১টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্রয় শিবিৰসমূহত ২৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্রভাবিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰি, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ দুর্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যবস্থা গ্রহণ কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি এই আকস্মিক বানৰ কাৰণ সম্পর্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ কয়, যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্রহ চিত্ৰৰ জৰিয়তে সমগ্র অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত কাৰণ বিশ্লেষণ কৰা হ’ব।

এইবাৰৰ বানত শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ ৩২৮ খন গাঁও ক্ষতিগ্রস্ত হৈছে। দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্র অনুসৰি জিলাখনৰ ৩ লাখ ৯২ হাজাৰ ১৯৫ জন লোক ক্ষতিগ্রস্ত হৈছে। ১২,৪১৬ হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে।

প্রশাসনে জিলাখনত ৪৯ টা সাহায্য শিবিৰ আৰু ১৮১ টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে ৮,২৫৯ জন লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ু সেনা বাহিনী, অগ্নি নির্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে।

যোৰহাট জিলাত বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্রশাসনে সু-ব্যৱস্থা গ্রহণ কৰিছে। প্রশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্রয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল-ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে।

ইপিনে, কামৰূপ, দৰং, কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ নগৰীয়া অঞ্চলত হোৱা বানৰ ফলত প্রায় এহেজাৰ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাকেইখনৰ মুঠ ১৬ টা ৱাৰ্ড বানৰ কৱলত পৰিছে।