ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল ছুইটী ছাংচানে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে।
ড০ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁলোকক বান ক্ষতিগ্রস্ত জিলাকেইখন বিশেষকৈ সর্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীৰ যোগান ধৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
তেওঁ লগতে শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰাৰ বাবে এই জিলাকেইখনত থকা হাত নাও, উদ্ধাৰকাৰ্যত ব্যৱহাৰ কৰা নাও, খোৱাপানীকে ধৰি অন্যান্য সামগ্ৰীৰ মজুতৰ বুজ লয়।
মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, বায়ুসেনা, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, উত্তৰ-পূব সীমান্ত ৰে’লৱে, ভাৰতৰ খাদ্য নিগম, ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু দূৰসংযোগ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ক্ষতিগ্রস্ত লোকসকলক যাৱতীয় সাহায্য প্রদান প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।
তেওঁ লগতে বান ক্ষতিগ্রস্ত এলেকাসমূহৰ সাহায্য শিবিৰত প্ৰয়োজনীয় সেৱাৰ যোগান ধৰিবলৈ আৰু এই অঞ্চলসমূহ পুনৰ বাসোপযোগী কৰাৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে। বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ড০ বি কল্যাণকে ধৰি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।