July 23, 2026 11:24 AM

views 33

ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ বৈঠক

ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল ছুইটী ছাংচানে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ড০ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থ...