July 22, 2026 10:13 AM | Assam Flood 2026

printer

ৰাজ্যৰ বানত ১৬ খন জিলাৰ ৩ লাখ ১০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন; ৩১ জন লোকৰ প্ৰাণহানি

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। শেহতীয়া বানত ১৬ খন জিলাৰ ৫ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত আছে। চলিত বৰ্ষৰ বানত এইপর্যন্ত ৩১ জন লোকে প্রাণ হেৰুৱাইছে।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্র অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে।

একেদৰে পাৰ্বত্য জিলা কার্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ২৪,২১০ হেক্টৰ কৃষিভূমি বুৰ গৈছে।

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জীজী আৰু ভোগদৈ নৈৰ বাঢ়নি পানীয়ে সচৰাচৰ বানৰ কৱলত নপৰা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

বানত ক্ষতিগ্রস্ত জনসাধাৰণক সহায়ৰ বাবে সেনা বাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে।

জিলা প্রশাসনসমূহে ৫২টা আশ্রয় শিবিৰ মুকলি কৰি ক্ষতিগ্রস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্রায় ১২,৭০০ জন লোকে আশ্রয় লৈ আছে। বিভিন্ন অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে ৬২৭ কিলোগ্রাম সাহায্য সামগ্রী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নি পানীয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তর্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও ৭৩২ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে।

উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে।

ইপিনে, মন্ত্রী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়।

ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত ৪৭ খন গাঁও বানৰ কবলত পৰিছে বুলি তেওঁ এইদৰে কয়।

শিৱসাগৰৰ বান পৰিস্থিতয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্র এ টি ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বি জি ৰোডেৰেও যান-বাহনৰ চলাচল প্রায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধায়আলি, হাস্পিতাল ৰোড, বাবুপট্টী, দ’লমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে।

ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ খোৱাং, টিংখাং, লাইকাদধিয়া, নাহৰকটীয়া, দুলীয়াজান আদি বিভিন্ন অঞ্চলৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছে।