অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে এতিয়াও ১০ খন জিলাৰ ৮১০ খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সর্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত ৬ লাখ ৫৪ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে।
বানৰ ফলত কালি আৰু ৪ জন লোকে প্রাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত ৩ জন আৰু চৰাইদেউত এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৫ হৈছেগৈ।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্র অনুসৰি সাম্প্ৰতিক বানত ৩৪,৯৭০ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে।
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধন-জনৰ ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্রীমতী মুর্মুৱে এই দুর্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্রীমোদীক অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন-জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সর্বাধিক অগ্রাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।
বান প্রভাবিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্রশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্রশাসনে বানপীড়িত লোকসকলক যাবতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে।